Show/Hide Keyboard Layout

মোৰ সমাধিত

- চাৰু গোঁহাই

মোৰ সমাধিত ফুলি ৰ’বা তুমি

বনৰীয়া ফুল হৈ

জীৱনৰ য’ত আধা কোৱা কথা

জীৱনৰ য’ত আধা কোৱা কথা

সুবাসৰে যাবা কৈ, সুবাসৰে যাবা কৈ

বনৰীয়া ফুল হৈ ।

 

বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি

বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি

আমাক জগাই উজাগৰে ৰ’ব

বহু জোনাকী ৰাতি, বহু জোনাকী ৰাতি ।

 

পখীৰ গীতেৰে যেতিয়া পুৱাৰ প্ৰহৰ মুখৰ হ’ব

পখীৰ গীতেৰে যেতিয়া পুৱাৰ প্ৰহৰ মুখৰ হ’ব

আমাৰ প্ৰেমৰ স্মৃতিবোৰো বতাহে বতাহে ব’ব ।।

Hits: 3861